মডিফাই কৰা বাহনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে উত্তৰ প্ৰদেশ প্ৰশাসন। নেতা হওক বা VIPয়ে হওক বাহন মডিফাই কৰি ৰাজপথত উলিয়ালে লগে লগে ভৰিব লাগিব জৰিমণা। উত্তৰ প্ৰদেশৰ দেবৰিয়াত দৰা কইনা নিয়া বাহন হেলিকপ্টাৰৰ ৰূপ দিছিল এজনে। ৰাজপথত হেলিকপ্টাৰ বাহনৰ পৰা হাজাৰ হাজাৰ টকাৰ চালান কাটিলে প্ৰশাসনে। কাৰ মডিফাই কৰি দৰাই সাজিছিল হেলিকপ্টাৰ।
বিবাহথলীলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে আগুৰি ধৰি চালান কাটে মডিফাই বাহনৰ পৰা। কাৰ মডিফাই কৰি হেলিকপ্টাৰৰ ৰূপ দিয়াৰ বাবে ভৰিবলগীয়া হ’ল ১৮ হাজাৰ। মডিফাই হেলিকপ্টাৰ আছিল দৰা-কইনা। কইনাৰ ঘৰৰ পৰা আহি থকা অৱস্থাতে মডিফাই হেলিকপ্টাৰত চকু পৰিল আৰক্ষীৰ। লগে লগে আৰম্ভ হ’ল এক্সন। হাতত জৰিমণাৰ বহী লৈ দৰা-কইনাৰ সন্মুখত উপস্থিত হ’ল আৰক্ষী।