২০০ৰো অধিক লোকে হেৰুৱাব চাকৰি। ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগে। ২৫৮জনকৈ ঠিকাভিত্তিক কৰ্মচাৰীয়ে শীঘ্ৰেই হেৰুওৱাব চাকৰি। লাখ লাখ চাকৰি সৃষ্টি কৰা বুলি সঘনে মন্তব্য কৰা চৰকাৰখনে এতিয়া কাঢ়ি নিব ২৫৮ জনকৈ লোকৰ চাকৰি।
কেইবাটাও বিভাগত নিয়োজিত হৈ থকা ২৫৮ জন লোকে এই খবৰ শুনাৰ পিছতে মূৰে কপালে হাত দিছে। এক তথ্য অনুসৰি অসম চৰকাৰৰ কৃষি, দুগ্ধ, পশুপালন, মীন বিভাগকে ধৰি আন আন কেইবাটাও বিভাগৰ ঠিকাভিত্তিক ২৫৮ জন কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি।
দুই শতাধিক কৰ্মচাৰীৰ চাকৰি যোৱাৰ তালিকা প্ৰস্তুত কৰিছে বিভাগে। স্বতন্ত্ৰ অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে তালিকা। ইতিমধ্যে জাননীও জাৰি কৰিছে বিভাগে।
এই জাননী পোৱাৰ পিছতে মূৰে কপালে হাত দি চাকৰি যাতে নিয়মীয়া হয় তাৰ বাবে অনুনয় বিনুনয় কৰা আৰম্ভ কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। অহা ৩০ জুনৰ পিছত হয়তো এই দুই শতাধিক কৰ্মচাৰীয়ে এৰিব লাগিব নিজৰ চাকৰি।