ঘৰুৱা ক্ৰিকেটৰ সমান্তৰালকৈ আই পি এলত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ভিত্তিত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। ভাৰতীয় জাতীয় দলত স্থান লাভ কৰা ৰিয়ান হৈছে প্ৰথমগৰাকী অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটাৰ।
টি-২০ বিশ্বকাপৰ পিছতেই জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত ৰিয়ানৰ উপৰি আই পি এলত বিস্ফোৰক বেটিং কৰা অভিষেক শৰ্মাইও সুযোগ লাভ কৰিছে।
ৰিয়ান, অভিষেক শৰ্মাৰ উপৰি আই পি এলত গতিবেগেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মায়ংক যাদৱেও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে।
জিম্বাবৱেৰ বিৰুদ্ধে ৬ জুলাইৰ পৰা খেলিবলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাটোৰ নেতৃত্ব দিব শুভমন গিলে। শৃংখলাটোৰ আটাইকেইখন মেচ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।