ৰাজ্যত পুনৰ সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ এগৰাকী ৫০ৰো উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে।
ঘটনাৰ বিৱৰণ অনুসৰি, এগৰাকী ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয় কমলাকান্ত ৰায় এগৰাকী ব্যক্তিৰ বিৰুদ্ধে। কিশোৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ ওভোতাৰ পথত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীৰ সৈতে কু-কাণ্ড কৰে বুলি জানিব পৰা গৈছে।
পিছত কিশোৰীগৰাকীয়ে ঘৰলৈ গৈ পৰিয়াল লোকক উক্ত বিষয় সন্দৰ্ভত সকলো অৱগত কৰে। পিছত পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত খবৰ দিয়ে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে নৰপিশাচ কমলাকান্ত ৰায়ক আটক কৰি থানালৈ আনে। ইফালে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।











