ডিচেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। আজি শিলচৰত উপস্থিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ঘোষণা কৰে।
মন্ত্ৰী দাসে লগতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতিমুক্ত হ’ব বুলিও মন্তব্য কৰে। লক্ষ্যণীয় কথাটো হ’ল এইবাৰৰ নিৰ্বাচনত কোনো প্ৰাৰ্থীয়ে দলীয় টিকটত নিৰ্বাচন খেলিব নোৱাৰিব। অৰ্থাত এই নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন।
বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৰা আন এক ঘোষণা অনুসৰি, সাধাৰণ ভোটাৰৰ পৰিৱৰ্তে এইবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব গ্ৰুপ সদস্যসকলে। সদস্যসকল জয়ী হোৱাৰ পিছত তেওঁলোকৰ মাজৰ পৰাই কোনো এজন সদস্যক সভাপতি হিচাপে বাচনি কৰিব।
উল্লেখ্য যে, বিগত সময়সমূহত অনুষ্ঠিত হৈ অহা পঞ্চায়ত নিৰ্বাচন সমূহত সাধাৰণ ভোটাৰে নিৰ্বাচিত কৰিছিল সভাপতিক। কিন্তু এইবাৰৰ নিৰ্বাচনত এই ব্যৱস্থা নাথাকিব।
শিলচৰ জিলা বিজেপি কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী দাসে কয়, ‘৩১ আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু ৭ ছেপ্তেম্বৰৰ ভিতৰত ব্লক পুনৰ গঠন কৰা হ’ব। ব্লক আৰু পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়া ২০০১ চনৰ লোকপিয়ল অনুসৰিয়েই হ’ব’।
উল্লেখ্য যে, বিগত ৮ জুলাইত অসম চৰকাৰে পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ সমিতি গঠনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। সম্প্ৰতি জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বতে জিলা পৰিষদসমূহ পৰিচালিত হৈ আছে।