শ্বাহৰুখ খান, ৰণবীৰ কাপুৰ, দীপিকা পাডুকন, ছলমান খানৰ দৰে তাৰকাক হিট গীত দিয়া প্ৰীতম চক্ৰৱৰ্তীৰ কাৰ্যালয়ৰ পৰা চুৰি হয় ৪০ লাখ টকা। এই চুৰি কাণ্ড সন্দৰ্ভত প্ৰীতমৰ মেনেজাৰে মুম্বাইৰ মালাড থানাত এজাহাৰ দাখিল কৰিছে।
প্ৰীতমৰ মেনেজাৰ বিনীত চেদাই আৰক্ষীক দিয়া বিবৃতিত কয় যে, কিছুদিন পূৰ্বে প্ৰীতমৰ কামৰ বাবে এজন লোকে কাৰ্যালয়লৈ ৪০ লাখ টকা আনিছিল। যিটো বিনীতে লয় আৰু টকাখিনি মুম্বাইৰ অফিচত ৰাখে। প্ৰীতমৰ মেনেজাৰে যেতিয়া তেওঁক এই ৪০ লাখ টকা দিছিল, সেই সময়ত প্ৰীতমৰ অফিচত কাম কৰা আশীষ সায়াল নামৰ এজন ব্যক্তি অফিচত উপস্থিত আছিল।
প্ৰীতমৰ মেনেজাৰে প্ৰীতমৰ ঘৰলৈ গৈ কিছুমান নথি-পত্ৰত চহী কৰিছিল আৰু চহী কৰি অফিচলৈ উভতি আহি তেওঁ দেখিলে যে টকা থকা বেগটো তাত নাই।
অফিচৰ মেনেজাৰে আন কৰ্মচাৰীসকলক বেগটোৰ বিষয়ে সোধাত তেওঁলোকে কয় যে, আশীষ সায়ালে সেই টকাৰে ভৰা বেগটো লৈ গৈছে। যেতিয়া মেনেজাৰে কৰ্মচাৰীজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে, তেতিয়া তেওঁৰ মোবাইলটো চুইচ অফ হৈ থাকে। এই গোচৰত প্ৰীতমৰ কোম্পানীৰ মেনেজাৰে মুম্বাইৰ মালাড থানাত চুৰিৰ গোচৰ ৰুজু কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।
প্ৰীতম হৈছে এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক। ডাঙৰ ডাঙৰ তাৰকাৰ বাবে বহুতো হিট গান উপহাৰ দিছে। ১৯৯৭ চনৰ ভিতৰত প্ৰীতমে মুম্বাইলৈ যায়। প্ৰথম অৱস্থাত তেওঁ এড জিংগল ৰচনা কৰিছিল। অস্তিত্ব, কাব্যঞ্জলি, য়ে মেৰী লাইফ হায়, ৰিমিক্স, কাশ্মীৰ, মিলি আৰু দিল কাৰে আদি অনুষ্ঠানৰ টাইটেল ট্ৰেকো লিখিছিল।