আৰম্ভ হৈছে পবিত্ৰ শাওন মাহ। হিন্দু ধৰ্ম অনুসৰি শাওন মাহ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। সনাতম ধৰ্মত শাওন মাহ শিৱৰ নামত সমৰ্পিত হয়।
অসমীয়া পঞ্জিকাত শাওন মাহক বছৰটোৰ আটাইতকৈ শুভ মাহ বুলি কোৱা হয়। লোক বিশ্বাস অনুসৰি, এই মাহত সম্পূৰ্ণ নিয়ম মানি শিৱৰ আৰাধনা কৰিলে পূৰ্ণ হয় সকলো মনোকামনা।
এই পবিত্ৰ শাওণ মাহ পালন কৰাৰ আঁৰত আছে কিছু বিশেষ কাহিনী। চলিত শাওন মাহৰ প্ৰথমটো সোমবাৰে উপাসনা কৰি মহাদেৱক সন্তুষ্ট কৰাৰ বাবে চৰ্চালৈ আহিছে এগৰাকী ব্যক্তি।
আচৰিত যেন লাগিলেও এয়া একেবাৰে এক সত্য ঘটনা। মধ্য প্ৰদেশৰ উজ্জয়িনীৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত সংঘটিত হয় এই ঘটনা। প্ৰতিটো শিৱ মন্দিৰৰ দৰে এই মন্দিৰতো ধৰ্মীয় ৰীতি-নীতিৰে শাওন মাহটো উদযাপন কৰা হয়।
কিন্তু এইবাৰ মন্দিৰলৈ অহা এজন ভক্তই কৰিলে মহাদেৱৰ উপাসনাৰ নামত অদ্ভুদ কাণ্ড।
খবৰ অনুসৰি, উজ্জয়িনীৰ ধনচা ভৱন অঞ্চলত বাস কৰা ৰৌনক গুৰ্জাৰ নামৰ লোকজনে নিজৰ উৰুৰ কিছু অংশ কাটি সেই তেজৰেই কৰে মহাদেৱৰ অভিষেক।
এই দৃশ্য দেখি স্বাভাৱিকভাৱেই মন্দিৰৰ পূজাৰীৰ লগতে তাত উপস্থিত থকা সকলো লোক আচৰিত হয়।
ভক্তজনে প্ৰকাশ কৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি ৰামায়ণ পঢ়ি আছিল আৰু তেওঁ ভগৱান শ্ৰীৰামৰ দ্বাৰা প্ৰভাৱিত হৈ শাওন মাহত ভগৱান শিৱক ৰক্ত অভিষেক কৰাৰ সিদ্ধান্ত লৈছিল।
এই সমগ্ৰ ঘটনাটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত মহাকাল মন্দিৰৰ পুৰোহিতসকলে কয় যে, বৈদিক পৰম্পৰা অনুসৰি ভগৱান শিৱক গাখীৰ, দৈ, ঘিউ, তেজেৰে অভিষেক কৰিলে পূৰ্ণ হয়।