শ্বেখ হাছিনা চৰকাৰ পতনৰ পিছৰে পৰা বৃদ্ধি পাইছে বাংলাদেশৰ ভাৰত বিদ্বেষ। মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা বাংলাদেশৰ ভাৰত বিৰোধী মনোভাৱ স্পষ্ট হৈ পৰিছে।
শেহতীয়াকৈ ইউনুছ চৰকাৰৰ এজন উপদেষ্টাই সামাজিক মাধ্যমত আন এক বিতৰ্কিত প’ষ্ট কৰি ভাৰতৰ তৰফৰ পৰা সমালোচনাৰ ৰোষত পৰিছে। বুধবাৰে উপদেষ্টাগৰাকীয়ে সামাজিক মাধ্যমত এখন বিতৰ্কিত মেপ প্ৰকাশ কৰাৰ লগতে বিতৰ্কিত মন্তব্যও দিয়ে।
তেওঁ এই বিতৰ্কিত মেপত অসমৰ একাংশৰ লগতে পশ্চিম বংগ তথা ত্ৰিপুৰাক বাংলাদেশৰ অংশ বুলি দেখুৱায়। অৱশ্যে এই মেপক লৈ তীব্ৰ বিতৰ্ক হোৱাৰ পাছত তেওঁ মেপখন সামাজিক মাধ্যমৰ পৰা ইয়াক আঁতৰাই পেলায়।
মহফুজ আলম নামৰ ইউনুছ চৰকাৰৰ উপদেষ্টাজনে ফেচবুকত বিতৰ্কিত মেপখন প্ৰকাশ কৰি লিখিছিল, ‘ভাৰতে ইহুদী বস্তিৰৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বাংলাদেশক ভাৰতৰ পৰা স্বাধীন কৰাৰ কাৰণে ১৯৭৫ চনৰ পাছত ২০২৪ হোৱাৰ প্ৰয়োজন হৈছিল।’
তেওঁ উল্লেখ কৰা চন দুটাৰ বিষয়ে কয় যে, দুয়োটা ঘটনাৰ মাজত ব্যৱধান প্ৰায় ৫০ বছৰ হ’ল যদিও বাস্তৱত একো সলনি নহ’ল। ফেচবুক প’ষ্টটোত তেওঁ কয়, ‘হিমালয়ৰ পৰা বংগোপসাগৰলৈকে এই অঞ্চলৰ সভ্যতা-সংস্কৃতিৰ গঠন তথা আচাৰ-ব্যৱহাৰ উত্তৰ ভাৰতৰ পৰা পৃথক। আমি ভূগোল আৰু বসতিস্থল স্থাপনৰ মাজত সোমাই আছো।’
তেওঁ লগতে কয় যে এই কথা মনত ৰখা উচিত যে দক্ষিণ এছিয়াত পাকিস্তান আশ্ৰফ মুছলমানৰ ভূমি, ভাৰত ব্ৰাহ্মণবাদী হিন্দুৰ ভূমি আৰু বংগ (পশ্চিম বংগ আৰু বাংলাদেশ) হিন্দু, মুছলমান, দলিতসহ সকলো পীড়িতৰ ভূমি। বাংলাদেশ প্ৰাৰম্ভিক বিন্দুহে, অন্তিম বিন্দু নহয়।
বাংলাদেশৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ ১৮ জন সদস্যক ১৯৭৫ চনত হত্যা কৰা আৰু তেওঁৰ কন্যা শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় ল’বলগীয়া ঘটনা দুটাক তুলনা কৰি কয়, ‘দুয়োটা ঘটনাৰ মাজত ৫০ বছৰৰ ব্যৱধান থকা সত্ত্বেও একো সলনি হোৱা নাই। আমি ভূগোল আৰু ব্যৱস্থাৰ মাজত আবদ্ধ হৈ পৰিছো। আমাক এতিয়া এক নতুন ভূগোল আৰু ব্যৱস্থাৰ প্ৰয়োজন হৈছে।
এইধৰণৰ ভাৰত বিদ্বেষী মন্তব্য কৰাৰ পিছতে ভাৰতত আৰম্ভ হোৱা প্ৰতিক্ৰিয়া আৰু বিভিন্নজনে সামাজিক মাধ্যমযোগে তেওঁক উভতি ধৰাত তেওঁ প’ষ্টটো সামাজিক মাধ্যমৰ পৰা আঁতৰাই পেলায়।