বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ খাণ্ডৱাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ যোৱা এখন বাহন নদীত বাগৰি পৰাৰ ফলত কেইবাগৰাকীও ভক্তৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে।
প্ৰথম অৱস্থাত ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল যদিও পিছত মৃতকৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি পোৱা বুলি নিশ্চিত কৰা হয়।
বৰ্তমান ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে। খাণ্ডৱা জিলাৰ পাণ্ডানা থানা এলেকাৰ অন্তৰ্গত জামলি গাঁৱত সংঘটিত হয় এই ঘটনা।