কেইবাশতাধিক 108ৰ চালক-স্বাস্থ্যকৰ্মীক চাটাই। জাননী নিদিয়াকৈয়ে প্ৰতিবাদ কৰি চাকৰি হেৰুৱালে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মচাৰীয়ে। আন্দোলনকাৰী 108ৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।
বিভিন্ন ন্যায্য দাবীৰে ১ ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত আন্দোলন অব্যাহত ৰাখিছে ১০৮ এম্বুলেন্স সেৱাৰ একাংশ চালক তথা কৰ্মচাৰীয়ে। উল্লেখ্য যে চাকৰি নিয়মীয়াকৰণ, সম কামৰ সমমৰ্যাদা, অতিৰিক্ত কামৰ ভাট্টা বিচাৰি লগতে অন্যান্য প্রাপ্য বিচাৰি সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট তথা কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই। প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালকসকলে।
আনহাতে, চালকসকলৰ লগতে ইমাৰ্জেন্সী ৰেছপনছ ছাৰ্ভিচ আৰু ইমাৰ্জেন্সী মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়েও কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে। চালক আৰু কৰ্মচাৰীসকলৰ এনে কঠোৰ সিদ্ধান্তৰ বিপৰীতে এই সেৱা পৰিচালিত কৰা GVK EMRI কৰ্তৃপক্ষই বন্ধ হ’বলৈ দিয়া নাই ১০৮ মৃত্যুঞ্জয় সেৱা।
উল্লেখ্য যে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা জৰুৰীকালীন ১০৮ৰ চালক আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকল নিজ কৰ্মৰ পৰা আঁতৰি থকাক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বিশেষকৈ চিকিৎসা সেৱাৰ পৰা আঁতৰি থকা স্বাস্থ্য বিষয়াসকলক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মানৱতাৰ খাতিৰত স্বাস্থ্য বিষয়াসকলক এনে আন্দোলনৰ পৰা আঁতৰি থাকিব দিছিল।
‘আন্দোলন আৰু আলোচনা একেলগে নহয়’। আন্দোলন কৰিলেও উপায় নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘নিৰ্বাচনত আমাক ভোট নিদিব, অসমত ল’ৰাৰ অভাৱ নাই, আন্দোলন কৰিলে আলোচনা নহয়, তেওঁলোকে গাড়ী নচলালেও বেলেগ ল’ৰাই চলাব’। নতুন নিযুক্তিৰে হ’লেও সেৱা অব্যাহত ৰখাৰ সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে।











