পাকিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদী আক্ৰমণ। এইবাৰ আত্মঘাতী আক্ৰমণত ১২ গৰাকী পাকিস্তানী সেনাৰ মৃত্যু হোৱাৰ খবৰ আহিছে। জানিব পৰা অনুসৰি, এগৰাকী আত্মঘাতী আক্ৰমণকাৰীয়ে বিস্ফোৰকৰে ভৰা এখন বাহনেৰে এটা সেনাৰ পোষ্টত খুন্দা মৰাৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
পাকিস্তানৰ উত্তৰ পশ্চিম সীমাস্থিত খাইবাৰ পাখতুনত সংঘটিত এই ভয়ংকৰ ঘটনাটোত ১০ জন পাকিস্তানী সেনা আৰু দুজন ফ্ৰণ্টিয়াৰ কনষ্টেবুলেৰীৰ জোৱানৰ মৃত্যু হয়। আত্মঘাতী আক্ৰমণৰ পিছতে অন্য উগ্ৰপন্থী সদস্যই সেনাৰ পোষ্টটোত গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাত আন ৭ গৰাকী লোক আহত হয়।
ইফালে সেনা বাহিনীৰ প্ৰত্যুত্তৰত ৬ গৰাকী উগ্ৰপন্থীও নিহত হয়। এই আত্মঘাতী আক্ৰমণটোত সেনা বাহিনীৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়। হাফিজ গুল বাহাদুৰ নামৰ সশস্ত্ৰ সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
উল্লেখযোগ্য যে এদিন পূৰ্বে খাইবাৰ পাখতুন প্ৰদেশত সংঘটিত আন এক সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানী সেনাৰ ৮ জন জোৱানৰ মৃত্যু হৈছিল। সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ মাজত কেইবা ঘণ্টা ধৰি চলা সংঘৰ্ষত ৯ জন সন্ত্ৰাসবাদী আৰু ৮ জন সেনা জোৱান নিহত হয়।