অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত অসমত এইবাৰ ধৰা পৰিল ৰহিংগিয়া নাগৰিক। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এটা দলে দুজন ৰহিংগিয়া নাগৰিকক আটক কৰিছে।
আটক কৰা ৰহিংগিয়া নাগিৰক দুজনক ক্ৰমে নাজিৰ আহমেদ আৰু পাৰবিন আকতাৰ বুলি চিনাক্ত কৰা হৈছে। এই নাগৰিক দুজনৰ পৰা ৰাষ্ট্ৰসংঘৰ ৰিফিউজি এজেন্সিয়ে প্ৰদান কৰা পৰিচয়পত্ৰ উদ্ধাৰ কৰা হৈছে।
এই পৰিচয় পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে নাগৰিক দুজন ম্যানমাৰৰ। ম্যানমাৰৰ পৰা ৰহিংগিয়াক খেদি পঠিওৱাৰ পিছত তেওঁলোক আছিল বাংলাদেশৰ শৰণাৰ্থী শিবিৰত।
বাংলাদেশৰ শৰণাৰ্থী শিবিৰৰ পৰাই তেওঁলোকে অবৈধভাৱে বহু দিন পূৰ্বেই ভাৰতত প্ৰৱেশ কৰিছিল। চৰকাৰ-প্ৰশাসনক ধূলি দি ভাৰতৰ ভূমিত টিঘিল ঘিলাই ঘূৰি ফুৰাৰ পিছত আজি পুনৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ যাব লওতেই বি এছ এফৰ হাতত ধৰা পৰে।
সম্পৰ্কত স্বামী-স্ত্ৰী এই ৰহিংগিয়া নাগৰিক দুজনক বৰ্তমান বি এছ এফ কেম্পত ৰখা হৈছে বুলি জানিব পৰা গৈছে।