গুজৰাটৰ ৰাজকোট-ভাৱনগৰ ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন শিক্ষাৰ্থীয়ে কৰুণ মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লোৱা ছাত্ৰ কেইজন ৰাজকোটৰ আৰ কে বিশ্ববিদ্যালয়ত অধ্যয়ণৰত আছিল।
শুকুৰবাৰে নিশা ছাত্ৰ কেইজনে এখন বাহনেৰে ৰাজকোটৰ পৰা ডিউ অভিমুখে গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱা সময়ত বাহনখনত আছিল মুঠ ১১ জন লোক। এই দুৰ্ঘটনাত আন ৮ জন লোক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
দুৰ্ঘটনাটোত মৃত্যু হোৱা ছাত্ৰ কেইজনক ক্ৰমে মথে হাৰ্ছা, আফৰাজ শ্বেইখ আৰু নৰেশ কোদাৱতি বুলি চিনাক্ত কৰা হৈছে। মৃত তিনিওগৰাকী ছাত্ৰৰ বয়স ১৯ বছৰ।
মৃত আটাইকেইজন ছাত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজকোট অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।