মঙলবাৰে লাডাখৰ ছিয়াচেন বেছ কেম্পত হোৱা ভয়ংকৰ হিমস্খলনত তিনিজন সেনা জোৱানৰ মৃত্যু হয়। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, সম্প্ৰতি ছিয়াচেনত উদ্ধাৰ অভিযান চলি আছে।
গুজৰাট, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডৰ এই জোৱানসকল আছিল মহাৰ ৰেজিমেণ্টৰ। পাঁচ ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ পিছতে মৃত্যু হয় জোৱানকেইজনৰ। সেনাবাহিনীৰ এজন কেপ্তেইনক উদ্ধাৰ কৰা হৈছে।
নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ প্ৰান্তত প্ৰায় ২০,০০০ ফুট উচ্চতাত অৱস্থিত ছিয়াচেন হিমবাহত প্ৰায়েই এইধৰণৰ হিমস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা যায়। এই অঞ্চলটোৰ তাপমাত্ৰা -৬০ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়।
উল্লেখ্য যে, ২০১৯ আৰু ২০২১ চনতো উক্ত অঞ্চলটোত এইধৰণৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল। ২০২১ চনত দুজন আৰু ২০১৯ চনত চাৰিগৰাকী সেনা জোৱান নিহত হৈছিল।