বিগত কিছু দিনৰ পৰা হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বানে কাল ৰূপ ধাৰণ কৰিছে। উদ্যানখনৰ মুঠ ২২৩টা বন শিবিৰৰ ৬১টা শিবিৰেই বানৰ কৱলত পৰিছে। অৰ্থাত ২৬ শতাংশতকৈও অধিক অঞ্চলত বানৰ প্ৰভাৱ পৰিছে বুলি সোমবাৰে এক চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পাইছে।
চৰকাৰী প্ৰতিবেদন অনুসৰি সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মুঠ ৬১টা বন শিবিৰৰ ভিতৰত ২২টা অগৰাতলি ৰেঞ্জ, কাজিৰঙাৰ ১০টা, ৮টা বাগৰি, ৫টা বুঢ়াপাহাৰ ৰেঞ্জ, ৬টা বোকাখাতৰ আৰু ১০টা বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল পানীয়ে বুৰাই পেলাইছে।
বন্যপ্ৰাণীৰ বাসস্থান প্লাৱিত হোৱাৰ ফলত অসহায় হৈ পৰা জীৱ-জন্তুবোৰে ওখ ঠাইত আশ্ৰয় ল’বলৈ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পূব কাৰ্বি আংলং জিলাৰ দক্ষিণ দিশলৈ ঢাপলি মেলিছে। অৱশ্যে এই পৰ্যন্ত বানৰ ফলত কোনো জীৱ-জন্তুৰ মৃত্যু হোৱা নাই বুলিও জানিব পৰা গৈছে।
ইফালে দেওবাৰে গোলাঘাট জিলা প্ৰশাসনে কাজিৰঙা উদ্যানৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে।
আজিৰ পৰা প্ৰযোজ্য হোৱা নিৰ্দেশনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনো বাণিজ্যিক বাহন পাৰ হ’ব নোৱাৰিব। ব্যক্তিগত বাহনসমূহে অৱশ্যে দিনৰ ভাগত নিয়ন্ত্ৰিত গতিৰে পাৰ হ’ব পাৰিব আৰু ৰাতিৰ সময়ত কেৱল স্থানীয় ব্যক্তিগত বাহনহে কাজিৰঙাৰ মাজেৰে পাৰ হ’ব পাৰিব।