ৰাজস্থানৰ বিকানেৰ জিলাৰ পৰা আহিছে এক মৰ্মান্তিক খবৰ। জিলাখনৰ এটা আৱাসিক অঞ্চলত বৃহস্পতিবাৰে গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন চাৰিজন লোকো আহত হৈছে। আহতসকলৰ অৱস্থা সংকটজনক।
চিলিণ্ডাৰ বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলত আৰক্ষী-প্ৰশাসন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা চলোৱাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এতিয়ালৈকে ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত চাৰিজন লোকক সংকটজনক অৱস্থাত ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও আশংকা কৰিছে উদ্ধাৰকাৰী দলে।
ইফালে, চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাৰ পিছতেই স্থানীয় একাংশ লোকে ধৰ্ণা দিয়া পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰী লোকসকলে কয় যে ৮ মাহ পূৰ্বেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে প্ৰশাসনক অভিযোগ দিয়া হৈছিল। কিন্তু স্থানীয় প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে।