গোৱাৰ ৰাজনীতিক লৈ ডাঙৰ মন্তব্য কৰিছে আম আদমী পাৰ্টিয়ে। দলটোৱে ৰাজ্যখনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শনিবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে তেওঁৰ দলে গোৱাত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে।
গোৱাৰ জনসাধাৰণক কংগ্ৰেছ বিশ্বাসঘাটকতা কৰা বুলি মন্তব্য কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয়, ‘কোনো কাৰণতে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয়। গোৱাৰ জনসাধাৰণক সবাটোকৈ বেছি কংগ্ৰেছে বিশ্বাসঘাটকতা কৰিছে। ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত কংগ্ৰেছৰ ১৩ গৰাকী, আৰু ২০২২ চনত ১০ গৰাকী বিধয়াকে বিজেপিত যোগ দিছে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত যে তেওঁলোকে দল সলনি নকৰিব তাৰ নিশ্চয়তা দিব পাৰিবনে? কংগ্ৰেছে বিজেপিক বিধায়ক যোগান ধৰাৰ কাম কৰে।’
কেজৰিৱালে কয়, ‘বিজেপি আৰু কংগ্ৰেছ একেটা ব্যৱস্থাৰ অংশ, এই ব্যৱস্থাটো উভালি পেলাব লাগিব। আজি মাত্ৰ ১৩-১৪টা পৰিয়ালৰ নিয়ন্ত্ৰণত আছে সমগ্ৰ গোৱা। গোৱাৰ সম্পদৰ ওপৰত কেৱল গোৱাবাসীৰহে অধিকাৰ থাকিব লাগে।’
কেজৰিৱালে লগতে আগন্তুক নিৰ্বাচনত শাসকীয় দলক ওফৰাই আপক ভোট দিবলৈও আহ্বান জনায়।