জি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিষ্টা’ত অংকিতা লোখণ্ডেৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা প্ৰিয়াৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৮ বছৰ।
অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত এতিয়া সাংস্কৃতিক উদ্যোগটোত যথেষ্ট শোকৰ ছাঁ পৰিছে। এই খবৰ শুনি অনুৰাগীসকলো স্তম্ভিত হৈ পৰিছে।
হিন্দী ধাৰাবাহিকৰ উপৰিও প্ৰিয়া মাৰাঠেই মাৰাঠী টিভি ধাৰাবাহিকতো কাম কৰিছিল। দেওবাৰ অৰ্থাত ৩১ আগষ্টত মীৰা ৰোডস্থিত নিজা ঘৰতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
প্ৰিয়া মাৰাঠে ‘পবিত্ৰ ৰিষ্টা’, ‘চাৰ দিবস সাসুচে’, ‘তু তিথে মী’, ‘স্বৰাজ্যৰক্ষক সম্ভাজী’ আৰু ‘য়া সুখান্নো’ আদি জনপ্ৰিয় টিভি ধাৰাবাহিকৰ বাবে পৰিচিত। কেৱল মাৰাঠী নহয়, হিন্দী টিভি দৰ্শকৰ মাজতো অভিনয়ৰ বাবে জনপ্ৰিয় আছিল।
উল্লেখ্য যে, ১৯৮৭ চনৰ ২৩ এপ্ৰিলত মুম্বাইত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। তেওঁ স্কুলীয়া আৰু কলেজিয়া শিক্ষা মুম্বাইতে কৰিছিল।