অভিনয় জগতৰ পৰা ৰাজনীতিলৈ অহা বিজয় থালাপতিৰ জনসমাৱেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আজি বিজয় থালাপতিৰ তামিলাগা ভেট্টি কল্যাণগম (টিভিকে) দলে কৰুৰত আয়োজন কৰিছিল এক বিশাল জনসমাৱেশ। এই জনসমাৱেশত হোৱা অজস্ৰ ভিৰৰ বাবে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
অনিয়ন্ত্ৰিত ভিৰৰ বাবে হোৱা ঠেলা-হেঁচাৰ ঘটনাৰ ফলত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বিজয় থালাপতিয়ে ভাষণ দি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয় আৰু যাৰ ফলত তেওঁ আধাতে সামৰিবলগীয়া হয় ভাষণ। পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি দলটোৰ মুৰব্বী বিজয় থালাপতিয়ে সকলোকে শান্তি-সম্প্ৰিতী বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এম্বুলেঞ্চ অহাৰ বাবে সকলোকে বাট এৰি দিবলৈও কাতৰ আহ্বান জনায়।
ঘটনা গুৰুতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডিএমকেৰ মন্ত্ৰী ছেন্থিল বালাজী আৰু কৰুৰৰ জিলা উপায়ুক্ত তাৎক্ষণিকভাৱে হাস্পতালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।