বৰ্তমান সময়ত বিমানতো মহিলাৰ ওপৰত অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। ডুবাইৰ পৰা হায়দৰাবাদ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা কেবিন ক্ৰু মেম্বাৰক শাৰিৰীকভাৱে অপদস্থ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
নিৰাপত্তা সংস্থা আৰু আৰক্ষীৰ যৌথ অভিযানত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যাত্ৰীজনক।
এই ঘটনা ২৮ নৱেম্বৰৰ নিশা এয়াৰ ইণ্ডিয়াৰ বিমান এআই-৯৫২ত সংঘটিত হয়। কেৰালাৰ পৰা অহা এগৰাকী যাত্ৰীয়ে বিমানত অশ্লীল আচৰণ কৰাৰ লগতে এগৰাকী মহিলা ক্ৰু সদস্যক শাৰিৰীকভাৱে অপদস্থ কৰে। লগে লগে বিমানৰ কেপ্তেইন আৰু বিমান সংস্থাৰ নিৰাপত্তাৰক্ষীক খবৰ দিয়া হয়। বিমান সংস্থাৰ নিয়ম অনুসৰি বিমান যাত্ৰাৰ সময়ত সংঘটিত যিকোনো অপৰাধৰ বিষয়ে তৎক্ষণাত গন্তব্য বিমানবন্দৰৰ নিৰাপত্তা আৰু আৰক্ষীক জনোৱা হয়।
হায়দৰাবাদত উপস্থিত হোৱাৰ লগে লগে আৰ জি আই এ আৰক্ষীক খবৰ দিয়া হয়। বিমানখন অৱতৰণ কৰাৰ লগে লগে অভিযুক্তজনক বিমানৰ পৰা আৰক্ষী জিম্মালৈ লৈ যোৱা হয়। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৭৪ নং ধাৰা (যৌন হাৰাশাস্তি) আৰু ৩৫১ নং ধাৰা (আক্ৰমণ)ত গোচৰ ৰুজু কৰিছে। কেৰালাৰ পৰা অহা যাত্ৰী বুলি চিনাক্ত অভিযুক্ত গৰাকীৰ চিকিৎসা পৰীক্ষা চলি আছে।
এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় যে বিমান সংস্থাটোৰ কৰ্মচাৰীৰ সুৰক্ষাৰ সন্দৰ্ভত শূন্য সহনশীলতা নীতি আছে। কোনো ধৰণৰ অশ্লীল আচৰণ সহ্য কৰা নহ’ব, আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাই পুনৰবাৰ বিমান যাত্ৰাৰ সময়ত মহিলা কৰ্মচাৰীৰ সুৰক্ষাৰ বিষয়টোক উজ্জ্বল কৰি তুলিছে আৰু বিমান সংস্থা আৰু নিৰাপত্তা সংস্থাসমূহৰ ওপৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰাৰ বাবে হেঁচা বৃদ্ধি কৰিছে। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি বিষয়টো সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।











