মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাৰদ পাৱাৰ গোটৰ বাবে বেয়া খবৰ। অজিত পাৱাৰক ‘ঘড়ী’ নিৰ্বাচনী চিহ্ন ব্যৱহাৰ কৰাত বাধা দিয়াৰ দাবী নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে যোৱা ২ অক্টোবৰত উচ্চতম ন্যায়ালয়ত অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে যাতে নিৰ্বাচনত ‘ঘড়ী’ নিৰ্বাচনী চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ দাবীত এখন আবেদন দাখিল কৰিছিল।
এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে কয় যে অজিত পাৱাৰ গোটে ঘড়ী চিহ্ন ব্যৱহাৰ কৰিব পাৰিব। কিন্তু তেওঁলোকে ডিচক্লেইমাৰ ব্যৱহাৰ কৰিব লাগিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে ১৯ মাৰ্চ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশত অজিত পাৱাৰ ফৈদক ৰাজহুৱা জাননী জাৰি কৰি স্পষ্ট কৰিবলৈ কৈছিল যে বৰ্তমান তেওঁলোকে ব্যৱহাৰ কৰা ঘড়ীৰ নিৰ্বাচনী চিহ্নৰ বিষয়টো আদালতত বিচাৰাধীন হৈ আছে। তেওঁলোকে এই চিহ্নটো পিছলৈ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব নে নোৱাৰে সেয়া উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ দ্বাৰা সিদ্ধান্ত লোৱা হ’ব।
এই সন্দৰ্ভত অজিত পাৱাৰ ফৈদৰ অধিবক্তা বলবীৰ সিঙে কয়, “তেওঁলোকে (শাৰদ পাৱাৰ গোটে) লোকসভা নিৰ্বাচনৰ সময়তো একেখিনি কথা কৈছিল। আদালতে ঘড়ীৰ চিহ্নটো আমাক ব্যৱহাৰৰ অনুমতি দিছে”।
উল্লেখ্য যে, আদালতত চলি থকা শুনানিৰ সময়ত শাৰদ পাৱাৰ ফৈদৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয়, “মাৰ্চ মাহত অনুষ্ঠিত হোৱা শুনানিত আদালতে নিৰ্বাচন আয়োগক আমাৰ বাবেও এটা চিহ্ন আবণ্টন দিবলৈ নিৰ্দেশ দিছিল। অজিত পাৱাৰক কোৱা হৈছিল যে ঘড়ীৰ চিহ্নৰ সৈতে এই ঘটনাটো আদালতৰ বিচাৰাধীন হৈ আছে বুলিও লিখিব দিছিল। তেওঁলোকে ইয়াৰ সঠিকভাৱে পালন কৰা নাছিল। মানুহে ঘড়ীৰ চিহ্নটো শাৰদ পাৱাৰৰ বুলি পৰিচিত”।