গৌৰৱ গগৈ কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। ১০০% মুছলমানে ভোট দিলেও কংগ্ৰেছ জয়ী নহয়। কংগ্ৰেছে যদি অকলেও অসমৰ সকলো মুছলমানৰ ভোট পায়, তথাপিও চৰকাৰ গঠন কৰিব নোৱাৰে। এই বিস্ফোৰক মন্তব্য কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।
হোজাইৰ এখন সংবাদমেলত এইদৰে কংগ্ৰেছ তথা গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। লগতে তেওঁ ইয়াকো কয় যে, AIMIM প্ৰধান আছাদউদ্দীন ওৱাইছিৰ সৈতে কথা বতৰা চলি আছে। মিত্ৰতা সন্ধৰ্ভত আছাদউদ্দীন ওৱাইছিক আমন্ত্ৰণ জনাব বুলি আজমলে জানিবলৈ দিয়ে।
২৬ৰ বিধানসভা নিৰ্বাচনত ৩৫খন আসনত AIUDF য়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি কয় বদৰুদ্দিন আজমলে। কংগ্ৰেছ অবিহনে অকলে নিৰ্বাচন খেলাৰ মন বুলিও কয় আজমলে।
মিঞাসকলে বিজেপি চৰকাৰক ভোট দিয়ে। ১০০বছৰতো কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে বুলি মন্তব্য কৰে আজমলে।











