এইবাৰ অম্বুবাচী মেলাত VIPসকলেও শাৰী পাতিব লাগিব। অম্বুবাচী মেলাত VIP পাছৰ ব্যৱস্থা বাতিল কৰিছে বুলি জাননী দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।
জি পি সিঙে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে এখন জাননী। আজিৰে পৰা ৩০ জুনলৈ কামাখ্যা ধামত প্ৰৱেশ কৰিব পৰা VIP পাছৰ ব্যৱস্থা বাতিল কৰা হৈছে। অম্বুবাচী মেলাত সাধাৰণ দৰ্শনাৰ্থীৰ লগত একেলগে VIP সকলে দৰ্শন কৰিব লাগিব। VIP পাছৰ বাবে এতিয়া আবেদন নিবেদন কৰিও লাভ নহ’ব।
অম্বুবাচী মেলাৰ প্ৰবৃত্তি হ’ব ২২ জুনৰ পুৱা ৮.৪৩ মিনিট ৩৯ ছেকেণ্ডত। এই প্ৰবৃত্তিৰ সময়ৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। ইয়াৰ লগে লগে তিনিদিন ভক্তৰ বাবে বন্ধ হৈ পৰিব কামাখ্যাৰ দ্বাৰ। তিনিদিন উকলি যোৱাৰ পিছত ২৬ জুনত হ’ব নিবৃত্তি। দেৱী ঋতুমতী হোৱাৰ তিনিদিন পিছত স্নান আদিৰ লগতে সকলো ৰীতি নিয়ম পালন সম্পন্ন হোৱাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ’ব কামাখ্যাৰ দুৱাৰ।
কামাখ্যা দৰ্শনৰ বাবে ইতিমধ্যে নীলাচত বাহৰ পাতিছেহি দেশ-বিদেশৰ ভক্তই। ভক্তই যাতে নীলাচলত কোনোধৰণৰ কষ্ট নাপায় তাৰ বাবে প্ৰশাসনে কৰিছে যাৱতীয় ব্যৱস্থা।