তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে (খালিফা) ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া আমেৰিকাই তুৰস্কক এফ-৩৫ যুদ্ধ বিমান বিক্ৰী কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। এই সিদ্ধান্তৰ মূল কাৰণ হ’ল তুৰস্কই ৰাছিয়াৰ পৰা এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰা, যিটোক আমেৰিকাই নাটোৰ নিৰাপত্তা গাঁথনিৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছিল। ইয়াৰ পিছত তুৰস্কক এফ-৩৫ কাৰ্যসূচীৰ পৰা বাদ দিয়া হয়, যিয়ে এৰদোগানৰ উচ্চাকাংক্ষাত ডাঙৰ আঘাত হানে।
এফ-৩৫ বিতৰ্কৰ পিছত এতিয়া ব্ৰিটেইনৰ ফালে মুখ কৰিছে এৰদোগানে। এক প্ৰতিবেদন অনুসৰি তুৰস্ক আৰু ব্ৰিটেইনৰ মাজত ৪০খন ইউৰোফাইটাৰ টাইফুন বিমান সন্দৰ্ভত অস্থায়ী চুক্তি প্ৰস্তুত কৰা হৈছে। ইস্তানবুলত অনুষ্ঠিত হোৱা আইডিইএফৰ অস্ত্ৰ মেলাৰ সময়ত ব্ৰিটেইনৰ প্ৰতিৰক্ষা সচিব জন হিলীয়ে এই চুক্তিত স্বাক্ষৰ কৰিব পাৰে। এই চুক্তি ব্ৰিটেইনৰ নেতৃত্বত ইউৰোফাইটাৰ কনচৰ্টিয়ামৰ অধীনত হ’ব, য’ত জাৰ্মানী, ইটালী আৰু স্পেইনৰ দৰে দেশকো অন্তৰ্ভুক্ত কৰা হৈছে। এনে পৰিস্থিতিত এই আটাইকেইখন দেশৰ সন্মতি প্রয়োজন হ’ব৷ ২০২৪ চনত তুৰস্কই জাৰ্মানীৰ পূৰ্বৰ ভেটো অতিক্ৰম কৰি চুক্তিৰ সম্ভাৱনা অধিক শক্তিশালী কৰি তুলিছিল।
আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখি তুৰস্কই এতিয়া ইউৰোপ আৰু ব্ৰিটেইনৰ সৈতে কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰিছে। ব্ৰিটেইনৰ বাবেও এই চুক্তি ব্ৰেক্সিটৰ পিছত নতুন প্ৰতিৰক্ষা অংশীদাৰ বিচাৰি উলিওৱাৰ কৌশলৰ অংশ। ইউৰোফাইটাৰৰ বিক্ৰীয়ে ব্ৰিটিছ প্ৰতিৰক্ষা উদ্যোগক আৰ্থিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী কৰিব পাৰে।