আকৌ এবাৰ আমেৰিকাত গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে। নিউয়ৰ্ক চহৰৰ ব্ৰুকলিন অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত ১৭ আগষ্টত পুৱা সংঘটিত হোৱা গুলীচালনাত ৩জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ৮ জন।
নিউয়ৰ্ক চহৰৰ আৰক্ষীয়ে জনোৱা মতে, ক্রাউন হাইটছ অঞ্চলত অৱস্থিত ‘টেষ্ট অৱ দ্য চিটি লাউঞ্জ’ত এই গুলীচালনা সংঘটিত হয়। নিউয়ৰ্কৰ আৰক্ষী আয়ুক্ত জেচিকা টিছে সংবাদমেলত কয় যে, নিহত ৩ওজনেই পুৰুষ। ইয়াৰে দুগৰাকীৰ বয়স ২৭ আৰু ৩৫ বছৰ, তৃতীয়জনৰ বয়স বৰ্তমানেও জানিব পৰা হোৱা নাই।
জেচিকা টিছে কয় যে, এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু গুলীচালনাৰ সৈতে জড়িত সন্দেহযুক্ত লোকসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই। টিছৰ মতে, সেই স্থানৰ পৰা কমেও ৩৬টা কাৰ্টিজৰ গোলা উদ্ধাৰ কৰা হৈছে, অৰ্থাৎ ৩৬টা গুলী নিক্ষেপ কৰা হৈছে। টিছে ব্রিফিঙত কয় যে, ১৭ আগষ্টত যি ঘটনা সংঘটিত হ’ল সেয়া অতি ভয়ংকৰ আৰু ইয়াৰ আঁৰত কোন আছে সেইটো জানিবলৈ তদন্ত কৰাটো দৰকাৰ৷
বিগত বছৰবোৰ ধৰি আমেৰিকাত গণ গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে। ২০২৪ চনত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত ডেম’ক্ৰেট দলৰ বহু লোকে বন্দুক সংস্কৃতি নিষিদ্ধ কৰাৰ বিষয়টো উত্থাপন কৰিছিল আৰু ই নিৰ্বাচনী বিষয়ত পৰিণত হৈছিল। কিন্তু ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত এই দাবী স্থগিত ৰখা হয়।