আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ মাজতে উত্তেজনা বৃদ্ধি পাইছে। আমেৰিকাই দাবী কৰে যে, ইৰাণৰ বহুকেইখন জাহাজ ইতিমধ্যে ধ্বংস কৰা হৈছে। লগতে বহু অঞ্চললৈ ইৰাণৰ তেল ৰপ্তানি বন্ধ কৰি দিব বুলি সকীয়াই দিয়ে।
আমেৰিকান সেনাই জনোৱা মতে, বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পথ হৰমুজ জলদ্বীপৰ ওচৰত ইৰাণৰ ১৬খন জাহাজ ধ্বংস কৰা হৈছে, য’ত বিশ্বৰ প্ৰায় ২০ শতাংশ তেল যোগান ধৰা হৈছিল। ৰাজহুৱাভাৱে প্ৰকাশ পোৱা এই জাহাজসমূহ ধ্বংস কৰাৰ দাবী কৰি মাৰ্কিন সেনাই প্ৰকাশ কৰিছে ইয়াৰ ভিডিঅ’।
আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই এতিয়া ১১ দিনত ভৰি দিছে। ইফালে দুয়োপক্ষৰ বাক্যবাণ ক্ৰমান্বয়ে কঠোৰ হৈ পৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে কয় যে, এই যুদ্ধৰ আটাইতকৈ তীব্ৰ আৰু বৃহৎ আক্ৰমণ এতিয়াও আহিবলগীয়া আছে। এই সংঘাতত কেইবাজনো আমেৰিকান সৈনিক আহত হোৱা বুলিও আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে প্ৰকাশ কৰিছে।
এই যুদ্ধৰ প্ৰভাৱ সমগ্ৰ মধ্যপ্ৰাচ্য আৰু অন্যান্য অঞ্চলত অনুভৱ কৰা হৈছে। ইৰাণৰ নেতাসকলে স্পষ্ট কৰি দিছে যে, তেওঁলোক কোনো ধৰণৰ আলোচনাৰ বাবে সাজু নহয়। লগতে ট্ৰাম্পৰ বিৰুদ্ধে ভাবুকিমূলক বিবৃতিও জাৰি কৰিছে। তদুপৰি ইৰাণে ইজৰাইল আৰু উপসাগৰীয় আৰব দেশৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ চলাইছে।








