শনিবাৰে আমেৰিকাত দেখা গ’ল সৰ্ববৃহৎ বিক্ষোভ। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেশ পৰিচালনাৰ ধৰণ আৰু তেওঁ গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে আমেৰিকাৰ হাজাৰ-হাজাৰ ক্ষুব্ধ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ চৰকাৰৰ উপদেষ্টা ইলন মাস্কৰ নীতিৰ বিৰুদ্ধে আমেৰিকাৰ ৫০খন ৰাজ্যৰ ১২০০ৰো অধিক স্থানত এই প্ৰতিবাদ সাব্যস্ত হয়।
নাগৰিক অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, এলজিবিটিকিউ+ অধিবক্তা, নিৰ্বাচনী কৰ্মীৰ লগতে বহু গণ্য মান্য ব্যক্তিকে ধৰি ১৫০টাতকৈও অধিক সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।
এই প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল আৰু এই কাৰ্যসূচীত অংশ লোৱা কোনো লোককে গ্ৰেপ্তাৰ কৰাৰ কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।
মিডটাউন মানহাটানৰ পৰা আলাস্কাৰ এংকৰেজ আৰু কেইবাখনো ৰাজ্যৰ ৰাজধানীলৈকে আমেৰিকাৰ চহৰসমূহত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্লেকাৰ্ড লৈ সমাবেশত অংশ লয়।
এই সকলোবোৰ সমাবেশতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ উপদেষ্টা ইলন মাস্কক হাজাৰ-হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা, অৰ্থনীতি, অনুপ্ৰৱেশ আৰু মানৱ অধিকাৰৰ বিষয়ক লৈ তীব্ৰ সমালোচনা কৰা হৈছিল।
প্ৰতিবাদকাৰীসকলে ‘ষ্টপ ডেষ্ট্ৰয়িং আমেৰিকা’, ‘হেণ্ডছ অফ’, অলিগাৰ্কী আৰু অনুপ্ৰৱেশ দমনক নিন্দা কৰা বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।