১ আগষ্টৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ‘অমৃত বৃক্ষ আন্দোলন’ৰ। ৰাজ্য চৰকাৰে পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
এই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনি কোটি গছ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ আটাইকেইখন জিলাতেই আনুষ্ঠানিকভাৱে আৰম্ভ হয় এই কাৰ্যসূচীৰ।
অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশ হিচাপে বৃহস্পতিবাৰে আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীৰ উদ্যানত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ ইয়াকো কয় যে, “মোৰ মা-ৰ নামত এজোপা গছপুলি ৰোপণ কৰিলোঁ মই। মা-ৰ দৰেই এই গছপুলিটো লালন-পালন কৰিব লাগিব।”
বৃক্ষ অৰ্থনীতি সম্প্ৰাসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি ,বহনক্ষম উন্নয়নৰ গতি দ্ৰুতকৰণ, সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ ক্ষেত্ৰৰ উন্নয়ন সাধনেই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্যে।
২০২৩ চনৰ ৮ জুনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণ আৰম্ভ কৰিছিল। সৰ্বসাধাৰণৰ মাজত পাৰিপাৰ্শ্বিক সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যেই এই আন্দোলনৰ মূল কাৰ্যভাৰ গ্ৰহণ কৰা হৈছিল।
২০২৪ চনৰ ১৯ জুলাইত মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন ২.০ এপ মুকলি কৰে। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ aba.assam.gov.in বা Amrit Brikshya Andolan ম’বাইল এপত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব সকলো হিতাধিকাৰীয়ে। হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশা কর্মী, অংগনবাড়ী কর্মী, শিক্ষানুষ্ঠানৰ কর্মচাৰী, প্রতিৰক্ষা/অর্ধ সামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্রমিক/কর্মচাৰী, কৃষক, এফ পি অ’, এফ পি চি।
এই আন্দোলনৰ উল্লেখযোগ্য বৈশিষ্ট হৈছে আগন্তুক বছৰবোৰত ১০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা।