অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়াৰ বাসগৃহত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বৰাৰ বাসগৃহত প্ৰৱেশ কৰি ঘৰৰ দুৱাৰ, খিৰিকী ভাঙি লণ্ড ভণ্ড কৰে।
জানিব পৰা অনুসৰি, শনিবাৰে নিশা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়া সমষ্টিৰ ভোগপুৰৰ বাসগৃহত একাংশ দুৰ্বৃত্ত সোমাই ঘৰৰ দুৱাৰ-খিৰিকী, সন্মুখৰ গ্ৰীল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে শোৱনি কোঠাৰ আচ-বাব, লকাৰ ভাঙি সা-সম্পত্তি লুট কৰি নিয়ে৷
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিজনৰ ঘৰত আৰক্ষীয়ে কোনো পহৰাৰ ব্যৱস্থা নকৰাৰ বাবেই এইদৰে দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সংঘটিত হোৱাৰ সময়ত বাসগৃহত নাছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে আৰু সভাপতিজনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি আহি পৰা ভাবুকি পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছে৷
এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এয়া ৰাজনৈতিক অভিসন্ধি বুলি উল্লেখ কৰে৷ বৰাই কয় যে সভাপতিজনৰ বাসগৃহত আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলক ভয় খুৱাবলৈ অপচেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতাই৷
সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে বেদব্ৰত বৰাই৷