সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ভাৰত-চীন সীমা বিবাদৰ লগতে সেনা সন্দৰ্ভত দেশৰ ভিতৰত চলি থকা ৰাজনীতি সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰিছে। সেনাক ৰাজনীতিৰ মাজলৈ টানি আনিব নালাগে বুলি মন্তব্য কৰিছে সেনা প্ৰধানজনে।
শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে সদনত দাবী কৰিছিল যে সেনা মুৰব্বীয়ে লাডাখ খণ্ডত অনুপ্ৰৱেশ হোৱা বুলি মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেনা প্ৰধানজনে ৰাহুল গান্ধীক প্ৰত্যুত্তৰ প্ৰদান কৰে।
এটা আগশাৰীৰ সংবাদ সংস্থাৰ প’ডকাষ্টত সেনা প্ৰধানগৰাকীয়ে কয় যে আমি চীনৰ সৈতে আলোচনাৰ পথত আগবাঢ়িছো। তেওঁ কয়, ‘ভাৰত আৰু চীনৰ মাজত আলোচনাৰ জৰিয়তে সকলো সন্দেহ-আশংকা দূৰ কৰা হ’ব। আমি বিচাৰো যে দুয়োখন দেশৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তি নহওক। ইয়াৰ বাবে আমি কৰ্পছ কমাণ্ডাৰসকলক তেওঁলোকৰ পৰ্যায়ত এই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছো। ইয়াৰ বাবে তেওঁলোকক কোনো ধৰণৰ অনুমোদনৰ প্ৰয়োজন নাই।’
আনহাতে অস্ত্ৰ বিক্ৰীৰ সন্দৰ্ভত সেনা প্ৰধানগৰাকীয়ে কয়, ‘এতিয়া বিদেশৰ পৰা আমালৈ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা হৈছে। এইটো সম্ভৱ কাৰণ এতিয়া অস্ত্ৰ নিৰ্মাণ কৰা কোম্পানীসমূহে সহজে অনুজ্ঞাপত্ৰ লাভ কৰিছে আৰু তেওঁলোকেও ৰেহাই লাভ কৰিছে। ভাৰতে সদায় প্ৰথমে আলোচনাৰ উপায় বিচাৰে, কিন্তু প্ৰয়োজন হ’লে আমি যুদ্ধৰ পৰা আঁতৰি নাযাওঁ।’