পেহেলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সন্ধানত অবিৰত অভিযান চলাই আছে ভাৰতীয় সেনাই। এন আই এ আৰু অন্যান্য তদন্তকাৰী সংস্থাৰ লগতে সেনা, জম্মু-কাশ্মীৰ আৰক্ষীৰ দলসমূহে ধাৰাবাহিকভাৱে তালাচী অভিযান চলাই আছে সমগ্ৰ জম্মু-কাশ্মীৰতে।
সেনা বাহিনীৰ এই অভিযানৰ মাজতে অনন্তনাগ জিলাৰ পৰা এটা ডাঙৰ খবৰ আহিছে। অনন্তনাগত সেনাবাহিনীৰ অনুসন্ধান অভিযানত আটক হৈছে ১৭৫ জন লোক। আটকাধীন লোককেইজনক সম্প্ৰতি জেৰা চলাই থকা হৈছে।
লাভ কৰা তথ্য অনুসৰি পেহেলগাম আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত আৰম্ভ হোৱা অভিযানত ড্ৰোন, হেলিকপ্টাৰ আদি আধুনিক সঁজুলিও ব্যৱহাৰ কৰা হৈছে।
ইয়াৰ উপৰিও সেনাই নিজৰ চোৰাংচোৱাৰ জৰিয়তে সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈও অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ বাসিন্দা থোকৰ পেহেলগাম হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত হোৱাৰ বিপৰীতে পুলৱামা জিলাৰ ট্ৰালৰ বাসিন্দা শ্বেখক এই আক্ৰমণৰ ষড়যন্ত্ৰত জড়িত থকাৰ সন্দেহ কৰা হৈছে। দুয়োজন লোকৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে থোকৰ আৰু শ্বেখৰ কোনো তথ্য তেওঁলোকৰ লগত নাই।
উল্লেখ্য যে, অনন্তনাগ জিলাৰ জনপ্ৰিয় পৰ্যটন চহৰ পেহেলগামত ২২ এপ্ৰিলৰ বিয়লি উগ্ৰপন্থীৰ গুলীচালনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এই নৃসংশ ঘটনাৰ পিছৰে পৰা সন্ত্ৰাসবাদীৰ সন্ধানত ব্যাপক তালাচী অভিযান চলাইছে সেনাই।