ৱাকফ সংশোধনী বিধেয়কক লৈ পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেছি। সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত ওৱেছিয়ে কয়, ‘অমিত শ্বাহৰ পৰা আমি শিকিবলগীয়া একো নাই। আমাৰ ইমান সাহস নাই। সাহস ভাৰতৰ ১৩৩ কোটি জনসাধাৰণৰ মাজত আছিল আৰু থাকিব।’
মোদী চৰকাৰক সমালোচনা কৰি ওৱেছিয়ে কয় যে আপোনালোকে এখন অসাংবিধানিক আইন বনাবলৈ গৈ আছে, যিটো সংবিধানৰ ১৪, ২৫, ২৬ আৰু ২৯ অনুচ্ছেদ উলংঘা কৰা হৈছে।
তেওঁ আৰু কয়, ‘লোকসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা নাই। যদি এই বিধেয়কখন গৃহীত হয়, তেন্তে এই দেশৰ মুছলমানসকলে নিজকে ধৰ্মনিৰপেক্ষ বুলি কোৱা চন্দ্ৰ বাবু নাইডু, চিৰাগ পাছৱান আৰু জয়ন্ত চৌধৰীক কেতিয়াও ক্ষমা নকৰিব, কাৰণ তেওঁলোকৰ সমৰ্থন অবিহনে এই বিধেয়কখন গৃহীত হ’ব নোৱাৰে।’
সাংসদগৰাকীয়ে পুনৰ কয়, ‘কাশ্মীৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰতিখন ৰাজ্যৰ মুছলমানে ইয়াৰ বিৰোধিতা কৰাৰ পিছত এইসকল দলে কেনেকৈ ইয়াৰ সমৰ্থন কৰিব পাৰে।’
বিজেপি আৰু আৰ এছ এছে মুছলমানসকলৰ মছজিদ, দৰগাহ আৰু ৱাকফ সম্পত্তিত আক্ৰমণ কৰি আছে তেওঁলোকে ৱাকফৰো কোনো লাভ নকৰে বুলিও মন্তব্য কৰে আছাদুদ্দিন ওৱেছিয়ে।