বৰ্তমানেও শান্ত হোৱা নাই পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি। অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙত পুনৰ প্ৰতিবাদ। ২৩ ডিচেম্বৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হয়। পুনৰ দোকান-পোহাৰত অগ্নি সংযোগ কৰে প্ৰতিবাদকাৰীয়ে।
কাৰ্বি ভূমিত অনা কাৰ্বি লোকে দখল কৰাক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয়। VGR PGR ভূমিত উচ্ছেদৰ বাবে অব্যাহত আছে এই প্ৰতিবাদ। কাৰ্বি ভূমিত অনা-কাৰ্বি লোকে দখল কৰাক লৈ কাৰ্বি আংলঙৰ জনতা উত্তপ্ত হৈ পৰে।
ইফালে এই পৰিস্থিতিৰ মাজতে খেৰণিত আৰক্ষীৰ গুলীত নিহত এজন প্ৰতিবাদকাৰী। নিহত প্ৰতিবাদকাৰীজন হৈছে ছিংথু টিমুং। ইফালে আকৌ জীৱন্তে অগ্নিদগ্ধ হৈও ১জন যুৱকৰ মৃত্যু হয়। সুৰয দে নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰে শ শ লোকে।
ফৰেষ্ট বজাৰত প্লেকাৰ্ড, বেনাৰ লৈ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। মুল অভিযুক্ত লিপচন ৰংফাৰৰ উচিত শাস্তিৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে। উত্তেজিত লোকে ভাঙি পেলাই ৰানাইমা কাৰ্বি আংলং এন্ট্ৰি টেস্ক গেইট।
খেৰণিৰ হিংসাত্মক প্ৰতিবাদত আন এজন লোক গুলীবিদ্ধ হয়। আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৩৮ বছৰীয়া আইছা ৰংপি নামৰ লোকজন। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ লোকজন। খেৰণিত CRPFৰ অতিৰিক্ত ৫টা কোম্পানী মোতায়েন কৰা হৈছে।পুৱাৰে পৰা সেনাই তহল দিছে সমগ্ৰ জিলাখনত।
কাৰ্বি আংলঙত অৰ্নিদিষ্ট কাললৈ ইন্টাৰনেটসেৱা কৰ্তন কৰা হয়। জয় শ্ৰী ৰাম ধ্বনি দি ৰাজপথলৈ ওলাই আহে বহিৰাগত। খেৰণীত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।










