ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিছে নতুন নিয়ম। আধাৰকাৰ্ডৰ নতুন নিয়ম সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
আজিৰে পৰা ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম জাৰি হ’ব। একাংশ বাংলাদেশীয়ে অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবেই কঠোৰ সিদ্ধান্ত চৰকাৰৰ।
- যদি কোনো লোকে পূৰ্বতে NRCত আবেদন কৰা নাছিল, তেন্তে অসমত নাপায় আধাৰ কাৰ্ড। ভুৱা আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰি এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আধাৰ কাৰ্ডৰ প্ৰসংগক লৈ তেওঁলোকে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ২০১৪ চনত NRCত আবেদন নকৰা লোকে অসমত আধাৰ কাৰ্ড নাপায় বুলি কয়৷
- মুখ্যমন্ত্ৰীয়ে কয় যে, শনিবাৰে নটিফিকেচন ওলাব যে ২০১৪ চনত যদি কোনোবাই NRCত আবেদন কৰা নাই, তেওঁ অসমত আধাৰ কাৰ্ড বনাব নোৱাৰিব৷’
- লগতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, অহা মাৰ্চত ৰাভা হাছং নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সমাপন হ’ব৷