অসমৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে ডাঙৰ খবৰ।
অৱশেষত ADRE ৰ ফলাফলৰ দিন ঘোষণা কৰা হ’ল। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ফলাফলৰ দিন। ৭ মাৰ্চত ঘোষণা হ’ব ADREৰ ফলাফল।
এটা পদৰ বিপৰীতে ২জন পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰা হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব।
ফেচবুক লাইভযোগে অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে লগতে ৰাজহুৱা কৰিলে আন কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন। ইফালে অসম আৰক্ষীৰ ফলাফল ৬মাৰ্চত ঘোষণা কৰা হ’ব। কনিষ্টবল AB আৰু UBৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব।
আকৌ অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব। আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।
বছৰৰ শেষত পুনৰ ওলাব বিজ্ঞাপন । আকৌ ADRE পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।