৭৪ বছৰীয়া বৃদ্ধৰ কু-কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ মানৱ সমাজক। চিচিবৰগাঁৱৰ সমীপৰ টকৌবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা এই নিকৃষ্ট ঘটনা।
এটা ৭৪ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় এগৰাকী দ্বিতীয় শ্ৰেণীত অধ্যনৰত ৭ বছৰীয়া শিশু। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ২ মাৰ্চত আবেলি প্ৰায় ৩ মান বজাত লগৰ কেইটিমান শিশুৰ লগত ঘৰৰ কাষৰে এঘৰত খেলি আছিল শিশুটি।
সেই সময়তে শিশুটিৰ ককাকৰ লগৰ চুবুৰীয়া বীৰেণ চুতীয়া নামৰ ৭৪ বছৰীয়া লম্পতটোৱে শিশুটিৰ হাতত ধৰি কাষতে থকা হাবিৰ মাজলৈ টানি নিয়ে। ইয়াৰ পিছতেই শিশুটিৰ সৈতে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰে।
আধাঘণ্টামানৰ পিছতেই শিশুটিৰ বান্ধৱী এগৰাকীয়ে উক্ত ঘটনাটোৰ বিষয়ে শিশুটিৰ মাকক অৱগত কৰাত হুৱা-দুৱা লাগে আৰু শিশুটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
এই ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে ২ মাৰ্চৰ নিশাই চিচিবৰগাঁও আৰক্ষী চকীত লম্পট বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও সেই অঞ্চলৰ পৰা বীৰেণ চুতীয়াই পলায়ন কৰে।
৩ মাৰ্চত ঘটনাস্থলীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে লম্পট বীৰেণ চুতীয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনায়।