মন্ত্ৰীসভাৰ ৰদ-বদলৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। অসম মন্ত্ৰীসভাৰ পৰা পদত্যাগ মন্ত্ৰী সঞ্জয় কিষাণৰ।
মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দিল্লীলৈ তলৱ সঞ্জয় কিষাণক।চাহ-জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ।
দিল্লীত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব পদত্যাগপত্ৰ।আজি বিয়লি ২ বজাত দিল্লীলৈ ৰাওনা হ’ব সঞ্জয় কিষাণ।ইয়াৰ পৰিৱৰ্তে মন্ত্ৰীসভাত চাহ জনগোষ্ঠীৰ আন এজন নেতাই স্থান পোৱাৰ সম্ভাৱনা।চৰ্চাত আছে বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ নাম।
পুৱাৰ ভাগত ভৱেশ কলিতাৰ সৈতে বহিছিল সঞ্জয় কিষানে।তাৰ পিছতেই RSSৰ শীৰ্ষ নেতৃত্বক দেখা কৰিছিল সঞ্জয় কিষানে।