মঙলদৈত শাহু-বোৱাৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। বোৱাৰীৰ প্ৰহাৰত ধৰাশায়ী হয় শাহু। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত শাহুৰ কাষতে ৬ মহীয়া শিশুক পেলাই থৈ মাতৃ-গৃহলৈ গুচি যায় বোৱাৰী। ইয়াৰ পিছতে শাহুবেক কৰিমা বেগমক সংকটজনক অৱস্থাত ভৰ্তি কৰিব লগা হয় মঙলদৈ অসামৰিক চিকিৎসালয়ত।
ঘটনাৰ বিৱৰণ অনুসৰি, মঙলদৈ ৫ নং ৱাৰ্ডৰ বাসিন্দা কৰিম আলীৰ পত্নী জৰিফুল বেগমে পিতৃসহ কেইবাজনো ব্যক্তিৰ সহায়ত ২৮ জুনত দিনৰ প্ৰায় ১০ মান বজাত শাহুৱেক কৰিমা বেগমক মছলা পিচা শিলেৰে উপৰ্যুপৰি মূৰ আৰু শৰীৰত আঘাত কৰে।
বোৱাৰী জৰিফুল বেগম আৰু তেওঁৰ পৰিয়ালবৰ্গই কৰিমা বেগমক মাৰধৰ কৰি নিজৰ ৬মহীয়া কন্যা সন্তানটিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শাহুৱেকৰ কাষতে থৈ মাতৃগৃহলৈ গুচি যায়।
ঘটনা সংঘটিত হোৱাৰপ সময়ত জৰিফুল বেগমৰ স্বামী কৰিম আলী ঘৰত উপস্থিত নাছিল। স্বামী ঘৰত নথকাৰ সুযোগ লৈয়ে এই কাণ্ড সংঘটিত কৰে পত্নীয়ে। পিছত স্বামী কৰিম আলী ঘৰত উপস্থিত হৈ লগে লগে আঘাতপ্ৰাপ্ত মাতৃক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।
ইয়াৰ পিছতে কৰিম আলীয়ে পত্নীসহ তেওঁৰ আনকেইজন সহযোগীৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।
মাৰপিতৰ ঘটনা কিয় সংঘটিত হ’ল সেইয়া বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও বোৱাৰীজনী সঘনাই মাতৃ গৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰা শাহু-বোৱাৰীৰ মাজত এনেধৰণৰ মতানক্য চলি থকা বুলি জানিবলৈ দিয়ে স্বামী কৰিম আলীয়ে।