নগাঁৱৰ কঠিয়াতলী টুবুকী গ্ৰান্টত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজ পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি নিজৰ তিনিবছৰীয়া সন্তানক লৈ উধাও হয় স্বামী৷
ঘৰৰ ভিতৰতে নিজ পত্নীক হত্যা কৰি পলায়ন কৰে স্বামী ডিম্বেশ্বৰ গগৈ৷ নিহত মহিলাগৰাকী ৰমলা কোঁৱৰ বুলি জানিব পৰা গৈছে। দুদিন ধৰি ঘৰৰ ভিতৰতে পৰি থাকে মহিলাগৰাকীৰ নিথঁৰ দেহ৷
শেষত ২দিন ধৰি মহিলাগৰাকীৰ কোনো খবৰ নাপাই আত্মীয়ই তেওঁৰ গৃহত উপস্থিত হয়। আত্মীয়ই তলা মাৰি থোৱা ঘৰটোৰ দৰ্জা ভঙাতহে পোহৰলৈ আহে এই ভয়ংকৰ কাণ্ডৰ ঘটনা।
মহিলাগৰাকীৰ নিথঁৰ দেহত আঘাতৰ চিন স্পষ্ট দেখিবলৈ পোৱা যায়৷ ঘটনাৰ খবৰ পাই লগে লগে সেই স্থানত আহি উপস্থিত হয় আৰক্ষীৰ দল। অৱশ্যে এই হত্যাকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই৷ উল্লেখ্য যে, ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ তদন্ত কৰাৰ পাছতহে মৃতদেহ উদ্ধাৰ কৰিব আৰক্ষীয়ে৷