দলগাঁৱৰ মৌছিটাত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। মৌছিটা বজাৰৰ ‘মা ফেশ্বন ষ্ট’ৰ’ নামৰ কাপোৰৰ দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলতেই নগদ ধনসহ প্ৰায় ৩০ লাখ টকাৰো সা-সামগ্ৰী ভস্মীভূত হয়।
এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ওমৰ আলীয়ে জনোৱা অনুসৰি- পুৱা আনুমানিক ৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। ইনভার্টাৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ। যোগাযোগ কৰাৰ পিছতো অগ্নি নিৰ্বাপক বাহিনী সময়ত উপস্থিত নোহোৱাৰ অভিযোগ দিয়ে স্থানীয়ই। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত নুমাবলৈ সক্ষম হয় এই জুই।