নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তোলনীয়া পুত্ৰৰ দাৰ ঘাপত গুৰুত্বভাৱে আহত হয় পতি-পত্নী। ঘৰৰ ভিতৰত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় স্বামী-স্ত্ৰীক।
নগাঁৱৰ মৰিকলঙত সংঘটিত হৈছে এই জঘন্য ঘটনা। উল্লেখ্য যে, সৰুতে পিতৃ-মাতৃক হেৰুৱাৰ বাবে প্ৰভাতক নিজৰ পুত্ৰৰূপে তুলি লৈছিল হৰেণ বৰা আৰু দিপ্তী বৰাই। পিছে এই তোলনীয়া পুত্ৰই কাল মাতি আনিলে তেওঁলোকৰ জীৱনলৈ।
বিয়াৰ পিছত বেলেগে থাকিবলৈ লৈছিল প্ৰভাত বৰাই। তাৰ পিছৰে পৰাই তোলনীয়া পুত্ৰ প্ৰভাত হাজৰিকাই প্ৰায়েই ধন দাবী কৰি আতিশয্য চলাইছিল দুয়োকে। ধন নিদিলেই চলাইছিল অত্যাচাৰ। এনেকৈয়ে এদিন ধন বিচাৰি প্ৰভাত বৰাই হঠাৎ পিছফালৰ দজ্জাৰে ঘৰত প্ৰৱেশ কৰি ধন বিচাৰি দাৰে আক্ৰমণ কৰে দুয়োকে।
কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি, দম্পতীহালক ৫০ হাজাৰ টকা দাবী কৰিছিল প্ৰভাত হাজৰিকাই। দাবী কৰা টকা নিদিয়া বাবেই এই লোমহৰ্ষক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ উমান পোৱাৰ পিছতে ঘৰটোত স্থানীয় ৰাইজ উপস্থিত হয়।
বৰ্তমান সংকটজনক অৱস্থাত হৰেন বৰা আৰু দিপ্তী বৰাক ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত। এইফালে এই দুষ্কৰ্ম সংঘটিত কৰি পলায়ন কৰে তোলনীয়া পুত্ৰ প্ৰভাত বৰাই। পলাতক প্ৰভাতক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।











