No Result
View All Result
তিতাবৰত সংঘটিত এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এটা চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। এগৰাকী কলেজীয়া ছাত্ৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰি নৃসংশভাৱে হত্যা কৰিছিল মহা পাষণ্ড জগত সিঙে।
চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীৰ মৃতদেহ চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হয়। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত জগত সিং, তেওঁৰ ২ পুত্ৰ জীৱন সিং, কিষাণ সিং আৰু ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ।জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকী ৭-৮ মাহৰ অন্তঃসত্বা আছিল। ৬৩ বছৰীয়া জগত সিঙৰ কু-কাণ্ডৰ বলি হৈছিল যুৱতীগৰাকী।
জানিব পৰা মতে, অভিযুক্ত জগত সিঙৰ আছিল অগাধ সম্পত্তি। দীৰ্ঘ দিনৰ পৰাই বেজ বেজালি কৰি পাহাৰসম সম্পত্তি গঢ়িছিল তিতাবৰৰ ১ নং জোনাকী মণ্ডল গাঁৱৰ তান্ত্ৰিক জগত সিংহই।এই অবৈধ সম্পতিৰ ওপৰত দণ্ডাধিক পৰ্য্যায়ৰ তদন্ত আৰম্ভ হৈছে। চৰকাৰী মাটি বেদখলৰ কৰি তান্ত্ৰিক জগত সিংহই গঢ়িছিল বিশাল সম্পত্তি।
এই জঘন্য কাণ্ডৰ বলি হোৱা হোৱা ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি তিতাবৰ উত্তপ্ত হৈ থকাৰ সময়তেই জিলা আয়ুক্তই ভণ্ড তান্ত্ৰিক জগত সিংহৰ সম্পত্তিৰ ওপৰত দণ্ডাধীশক পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰে। স্থানীয় গাওঁবুঢ়া আৰু মণ্ডলক লগত লৈ তিতাবৰ সম জিলাৰ সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকাৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ কৰে তদন্ত।
ইফালে অভিযুক্ত জগত সিঙক দুদিন আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছত আজি আদালত হাজিৰ হোৱাৰ কথা। আদালতত হাজিৰ হোৱাৰ পাছত আৰক্ষীয়ে তদন্তৰ খাতিৰত জগত সিঙক পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।
তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে অভিযুক্ত হত্যাকাৰী জগত সিঙৰ বাসগৃহত উপস্থিত হয় এগৰাকী মহিলা। সৰুপথাৰৰ পৰা অহা এই মহিলাৰ পৰা ১২,০০০ টকা লৈছিল হত্যাকাৰী অভিযুক্ত জগত সিঙে। মহিলাগৰাকীৰ ঋতুস্বাৱৰ সমস্যাৰ সমাধান কৰি দিয়াৰ নামৰ পইচা লৈছিল জগত সিঙে।
No Result
View All Result