বৃহস্পতিবাৰে বশিষ্ঠস্থিত বিজেপি দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক বৃহৎ যোগদান অনুষ্ঠান। এই যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক নেতাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
শাসকীয় দলটোত যোগদান কৰা ব্যক্তিসকল হৈছে প্ৰাক্তন আলফা নেতা মনোজ ৰাভা (ওৰফে দৃষ্টি ৰাজখোৱা), অসম আপৰ প্ৰাক্তন সভাপতি মনোজ ধানোৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্ৰী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি মাধুৰ্য গোস্বামী, ৰাইজৰ দলৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক নিৰ্মল পায়েং, অধিবক্তা মানস শৰণীয়া আৰু নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰশান্ত শইকীয়া।
এই ব্যক্তিসকলৰ উপৰি সামাজিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰৰ আন কেইবাজনো ব্যক্তিয়েও বিজেপিত যোগদান কৰে। বিশেষকৈ এইসকলৰ ভিতৰত আছে জনপ্ৰিয় অভিনেতা ত্ৰিদীপ তালুকদাৰ (ৰাজকুমাৰ)।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় আজিৰ এই যোগদান কাৰ্যসূচী। শইকীয়াৰ উপৰি চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।