আজি ঘোষণা হ’ব অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ আৰম্ভ হৈছে ভোটগণনা। দুপৰীয়া ভাগলৈ ছবি প্ৰায় স্পষ্ট হৈ পৰিব কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সকলোকে আশ্বৰ্যকৰ কৰি তুলি চামগুৰিত প্ৰথম ৰাউণ্ডত আগবাঢ়িছিল বিজেপি প্ৰাৰ্থী। কংগ্ৰেছ নেতা ৰকিবুলৰ দূৰ্গৰূপে পৰিচিত চামগুৰি সমষ্টিত পিছ পৰি আছিছিল তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইন।
বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই প্ৰথম ৰাউণ্ডৰ অন্তত ১০৪৮টা ভোটত আগবাঢ়ি আছিল। অৰ্থাত তেওঁ এতিয়ালৈকে পাইছে ৪৩২৭টা ভোট। ইফালে তাঞ্জিল হুছেইনে লাভ কৰিছে ৩২৭৯টা ভোট। কিন্তু দ্বিতীয় ৰাউণ্ডৰ অন্তত তাঞ্জিল হুছেইন ১৯৫টা ভোটত আগবাঢ়ি আছে।
আন এটা চৰ্চিত সমষ্টি বিহালীটো আগবাঢ়ি আছে বিজেপি। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাতকৈ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে ৪৭৮৮টা ভোটত আগবাঢ়ি আছে। ৬টা ৰাউণ্ডৰ অন্তত দিগন্ত ঘাটোৱালে ২৪৮১০টা ভোট লাভ কৰাৰ বিপৰীতে জয়ন্ত বৰাই লাভ কৰিছে ২০০২২টা ভোট।
ইফালে ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থতকৈ ২১৫৪টা ভোটত আগবাঢ়ি আছে। আনহাতে পঞ্চম ৰাউণ্ডৰ অন্তত বঙাইগাঁও সমষ্টিত সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিত সিংহতকৈ ৬৫২১টা ভোটত আগবাঢ়ি আছে।
পঞ্চম ৰাউণ্ডৰ অন্তত বড়োভূমিৰ সমষ্টি চিডলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ৯২৫৫টা ভোটত আগবাঢ়ি আছে। ১২৮৫৭টা ভোটেৰে দ্বিতীয় স্থানত আছে শুদ্ধ কুমাৰ বসুমতাৰী।