• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

Nation NE by Nation NE
July 6, 2024
in Top News, অসম
0 0
দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ লগতে নামনিৰ ৩০ খন জিলাৰ প্ৰায় ২৪.৫০ লাখ লোক বানপানীৰ কৱলত পৰিছে।

ইয়াৰ মাজতে শনিবাৰে বতৰ বিজ্ঞান বিভাগে জনোৱা তথ্যই চিন্তিত কৰিছে ৰাইজক। বিভাগে জনোৱা তথ্য অনুসৰি, আগন্তুক দুদিনৰ বাবে উত্তৰ-পূবত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক ২৪ ঘন্টাৰ ভিতৰত অসম, মেঘালয়, ৰাজস্থান, গুজৰাটত বৰষুণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে আগন্তুক দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰিছে।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি অহাত বিগত ২৪ ঘণ্টাত বহুকেইখন জিলাৰ ন ন অঞ্চল প্লাবিত হৈছে। নিমাতীঘাট, গোৱালপাৰা, গুৱাহাটী আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে।

ইপিনে বুঢ়িদিহীং, দিচাং, কপিলী, জীয়া ভৰালী, দিখৌ, বৰাক, কুচীয়াৰা নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে, ২৪ ঘণ্টাত ৰাজ্যত বানত কোনো লোকৰ মৃত্যু হোৱাৰ নিশ্চিত তথ্য পোৱা নাই। অৱশ্যে, বৰ্তমানলৈ বানপানীত মৃত্য হোৱাৰ লোকৰ সংখ্যা ৫২ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাতো অব্যাহত আছে বানৰ ভয়াবহ পৰিস্থিতি। বানৰ ফলত উদ্যানখনত এইপৰ্যন্ত ৭৭ টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি, ৩৬১৮ গাঁও বানত বুৰ গৈছে। আনহাতে, বঙাইগাঁও, ধুবুৰী, কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আদি জিলাৰ বহুকেইটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল পানীৰ কবলত পৰিছে।

ধুবুৰী জিলাৰ সৰ্বাধিক ৭.৭ লাখ লোক বানৰ কবলত পৰিছে। একেদৰে বৰপেটাত ১.৩৯ লাখ, কাছাৰত ১.৭৫ লাখ, দৰঙত ১.৮৬ লাখ, মৰিগাঁৱত ১.৪৬ লাখ, কামৰূপ মহানগৰ জিলাত ৩৮,৪৮৭ লোক বানত প্ৰভাৱিত হৈছে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে আৰু উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।

ইফালে, শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে বান পৰিস্থিতি সন্দৰ্ভত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। লগতে, বন্যাৰ্তক সকলো সহায়-সহযোগিতা কৰিব বুলি আশ্বাস দিয়ে। আনহাতে, মহানগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভত শনিবাৰে দিছপুৰত এক জৰুৰী বৈঠক আহ্বান কৰা হৈছে।

Tags: #Assam#FloodHeavy RainHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025