কাশ্মীৰৰ পেহলগামত যোৱা ২২ এপ্ৰিলত হোৱা নৃশংস সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰা ভাৰতীয় নৌ সেনা বাহিনীৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ হাৰিয়ানাৰ কৰ্নালৰ ছেক্টৰ-৭ স্থিত বাসগৃহত আজি উপস্থিত হয় অসমৰ ৰাজহ-দুৰ্যোগ প্ৰশমন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত। অসম চৰকাৰৰ হৈ মন্ত্ৰী কেশৱ মহন্তই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
মন্ত্ৰী মহন্তই শ্বহীদ বিজয় নাৰৱালৰ পিতৃ ৰাজেশ নাৰৱাল, ককাক হাৱা সিং, মাতৃ আশা নাৰৱাল আৰু ভগ্নী সৃষ্টি নাৰৱালক দেখা কৰি অসম চৰকাৰৰ আনুষ্ঠানিক শোকবাৰ্তা সম্বলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পত্ৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা পৰিয়ালটিলৈ পাঁচ লাখ টকাৰ এখন চেক প্ৰদান কৰা হয়।
মন্ত্ৰীগৰাকীয়ে আজি কৰ্নালত শ্বহীদগৰাকীৰ পৰিয়ালক দেখা কৰাৰ সময়ত অসম চৰকাৰৰ মীন আৰু আৱকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ আৰু কৰ্নালৰ সদৰ মহকুমা দণ্ডাধীশ অনুভৱ মেহতাও উপস্থিত থাকে।
উল্লেখ্য যে, বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তান আশীৰ্বাদপুষ্ট সন্ত্ৰাসবাদীয়ে ২৬ গৰাকীকৈ ভাৰতীয় পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল। সন্ত্ৰাসবাদীৰ এই আক্ৰমণতেই মৃত্যু হৈছিল নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ।