বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ সৈতে শোকাৱহ ঘটনা৷ গুৱাহাটীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ঠন ধৰি উঠা সকলো সপোন শেষ হৈ যায় দুয়োৰে৷
সংকটজনক অৱস্থাত দুয়োকে ভৰ্তি কৰোৱা হয় মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷ মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷
১৭ ফেব্ৰুৱাৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা৷ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে বাইকত আহি থকা নুৰুল হক আৰু ৰিনা বেগমে
একে দিশৰ পৰা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত হয়৷
জানিব পৰা মতে নুৰুল হক আৰু ৰীনা বেগম বিয়াৰ বজাৰ কৰিবলৈ গুৱাহাটীলৈ আহিছিল৷ দুয়োৰে ঘৰ ছিপাঝাৰত৷ এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৰীনা বেগমে৷ বৰ্তমানেও সংকটজনক অৱস্থাতেই আছে দৰা নুৰুল হুদা৷
খবৰ অনুসৰি, এপ্ৰিল মাহত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল নুৰুল আৰু ৰীনাৰ৷
সম্প্ৰতি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে বশিষ্ঠ যান-বাহন আৰক্ষীয়ে৷ ঘটনাৰ পিছতেই দুয়োটা পৰিয়ালতে হুৱা-দুৱা লাগে৷










