শুকুৰবাৰে অসম আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰিব খোজা ৬ গৰাকী বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আট হোৱা আটাই কেইগৰাকী নাগৰিককে পিছত নিজ দেশলৈ ওভতাই পঠিয়ায়।
অসম আৰক্ষীয়ে সীমান্তৰ পৰা ওভতাই পঠোৱা বাংলাদেশী লোককেইজন হ’ল মহম্মদ জুমন, মহম্মদ ছাহিব, হানুপা বেগম, মহম্মদ খলিল, ছাইফুল ৰহমান আৰু ৰকি বুলি চিনাক্ত কৰা হৈছে।
টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশৰ আশংকা প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কৈছিল যে বাংলাদেশী নাগৰিকে বস্ত্ৰ উদ্যোগত কাম কৰিবলৈ দক্ষিণৰ চহৰ সমূহলৈ যাবলৈ অসমক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে।
বিগত কিছু মাহৰ পৰা অসম আৰক্ষীয়ে কেইবাজনো অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে।