যোগগুৰু বাবা ৰামদেৱে মন্দিৰ-মছজিদক লৈ কৰিছে এক ডাঙৰ মন্তব্য। মথুৰাত চলি থকা মছজিদ বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, ‘মথুৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মভূমি, তাত মছজিদৰ কি কাম’।
এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাতকাৰত তেঁও কয়, ‘যিবোৰ আছিল আমাৰ আটাইতকৈ ডাঙৰ তীৰ্থস্থান। য’ত আক্ৰমণকাৰীয়ে চৰম নিষ্ঠুৰতা প্ৰদৰ্শন কৰিছিল। এইসমূহ ডাঙৰ তীৰ্থস্থান আমাক গতাই দিয়া উচিত। যদি সকলোতে বিবাদ হয় তেন্তে দেশৰ ভাতৃত্ববোধ বিপদত পৰিব’।
ৰামদেৱে লগতে কয়, ‘সেয়ে সকলো স্থানক লৈ বিতৰ্ক কৰিব নালাগে। যিবোৰ আমাৰ গৌৰৱৰ স্থান। যেনে, মথুৰা, কাশী বিশ্বনাথ। মথুৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান। তাত মছজিদৰ কি কাম? এনে যিমানবোৰ ডাঙৰ তীৰ্থস্থান আছে, সেইসমূহত আমাৰ মুছলমান ভাইসকলে ওলাই আহি নিজৰ বিশাল হৃদয়ৰ পৰিচয় দিয়ক।’
উল্লেখ্য যে, হিন্দু পক্ষই দাবী কৰি আহিছে যে মথুৰাৰ শ্বাহী ইদগাহ মছজিদ ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থানত নিৰ্মাণ কৰা হৈছিল। ২০২০ চনত ছয়জন ভক্তই এখন আবেদন দাখিল কৰিছিল য’ত তেওঁলোকে মছজিদটো আঁতৰোৱাৰ দাবী জনাইছিল। এতিয়া এই গোচৰত ১৮খন আবেদন আছে। বৰ্তমান এই বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।