তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কে পশ্চিমবংগত “বাবৰি মছজিদ” পুনৰ নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে এই ক্ষেত্ৰত সতৰ্কবাণীও জাৰি কৰে। তেওঁ কয় যে, বাবৰৰ নামত যদি মছজিদ পুনৰ নিৰ্মাণ হয়, তেন্তে ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত হোৱা ঘটনাৰ পুনৰাবৃত্তি হয়।
টিএমচিৰ বিধায়ক হুমায়ুন কবীৰে এক অনুষ্ঠানত ভাষণ দিওঁতে ৬ ডিচেম্বৰত মুৰ্ছিদাবাদৰ বেলদাংগাত বাবৰি মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি দাবী কৰে। লগতে তেওঁ কয় যে, সংখ্যালঘু জনগোষ্ঠীৰ বহু সংখ্যক ধৰ্মীয় নেতাও এই অনুষ্ঠানত উপস্থিত থাকিব।
উমা ভাৰতীয়ে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ঈশ্বৰৰ নামত নিৰ্মিত মছজিদ, পূজা, আৰু ইছলামক সকলোৱে সন্মান কৰে, কিন্তু বাবৰৰ নামত যদি স্মৃতিসৌধ নিৰ্মাণ হয়, তেন্তে ইয়াৰ ১৯৯২ চনৰ অযোধ্যাৰ ৩ ডিচেম্বৰৰ ঘটনাৰ দৰেই একেই দশা হ’ব।











